
হঠাৎ কলা ডাৱৰ জাকিয়ে,
ধাক মাৰি ধৰিলে আকাশখনী।
হঠাতে সূৰ্যটো নাইকিয়া হ’ল,
ৰিম জিম বৰষুণ জাকে।
গাটো তিয়াই আনিলে,
শিৰ শিৰাই উঠিলে গাটো।
আকাশলৈ চালো কলা ডাৱৰে,
আৱৰি ধৰিলে আকাশখনী।
সূৰ্যটো ডাৱৰৰ মাজত লুকাই গ’ল,
মোৰ মনটো অন্ধকাৰৰ মাজত হেৰাই গ’ল।
ডৰঠী বৰুৱা।
